Posts

Showing posts from 2017
আহোম যুগৰ নাৰী      মামণি গগৈ বৰগোহাঁই ছশ বছৰীয়া আহোম যুগৰ বিস্তৃতিয়েই কোৱল বিশান নহয় এই যুগৰ নাৰীৰ বিচৰণ ক্ষেত্ৰও বৰ্ণাঢ্য আৰু বিচিত্ৰ । ৰাজৰাৰ্য , ৰণক্ষেত্ৰ , বৈদেশিক সম্পৰ্ক , গাৰ্হস্থ্য জীৱন , কলা - শিল্প , শিক্ষা - সাহিত্য আদি বিভিন্ন ক্ষোত্ৰত প্ৰতিফলিত হৈছিল নাৰীৰ দক্ষতা , মৰ্যাদা আৰু স্থিতি । আনহাতে আহোম যুগত চুতীয়া , মৰাণ , বৰাহী আদিৰো সামাজিক তথা ৰাজনৈতিক স্থিতি নিঃশেষ হৈ যোৱা নাছিল । আহোম যুগৰ নাৰীৰ চিত্ৰণত এইসকল নাৰীৰ স্বৰূপো পেৰতিফলিত হোৱা বাঞ্চনীয় । আহোম যুগত নৱবৈষ্ণৱ ধৰ্মৰ শক্তিশালী অভু্যদয়ে একশ্ৰেনী নাৰীৰ মাজত চমকপ্ৰদ পৰিবৰ্তনসূচনা কৰিছিল । এই সকলোবোৰ সৈঙুৰি আহোম যুগৰ নাৰীৰ স্বৰূপ উদ্ ঘাতনৰ ববো এক গুৰুত্বপূৰ্ণ গৱেষণা কাৰ্যৰ প্ৰয়োজন । এই লেখাত আহোম যুগৰ নাৰীৰ চমু আভাস দিয়াহে সম্ভৱ হ ’ ব । ৰাজকাৰ্যত মহিলাঃৰাজপৰিয়ালৰ নাৰীঃ পিতৃতান্ত্ৰিক আহোম ৰাজপৰিয়ালত কন্যাক কেতিয়াও সিংহাসনৰ অধিকাৰ দিয়া বোৱা নাছিল । কিন্ত আহোম ৰাজপৰিয়ালৰ কেইবাগৰাকীও ৰমণীয়ে বিশেষ পৰিস্থিতিত ৰা