Posts

Showing posts from December, 2018
ছেংনাং বিহু চাও গোপাল বৰগোহাঁই                 তাই মানুহবিলাক পূৰ্বৰ আছিল কৃষিজীৱী । পৃথিৱীত শস্য , মৎস্য শিল্প কাৰিকৰী বিষয়ত উৎপাদন বৃদ্ধি কৰা তেওঁলোকৰ কাম্য । পৃথিৱীৰ উৎপাদিক্য শক্তি বৃদ্ধিৰ লগত জড়িত বিহু । বিহুগীত নৃত্য আদি এই চিন্তাৰেই ফল । মানুহৰ মাজত সৃষ্টিৰ ভাৱনা , সৃষ্টিৰ কাৰ্যই প্ৰাকৃতিক অৱস্থাত প্ৰভাৱ পেলাই প্ৰকৃতিৰ গছ - গছনিয়ে পৃথিৱীৰ সকলোকে সৃষ্টিৰ ভাৱনাৰে ভাৱান্বিত কৰি তোলে নতুন জন্মৰ বাবে , প্ৰকৃতিক বাউল কৰে । ফলত পৃথিৱীয়ে জন্ম দিয়ে শস্য - মৎস্য আদি । শস্য - মৎস্য , ফল - ফুল বৃদ্ধিৰ বাবে পৃথিৱীৰ যি উদ্দেশ্য সেইদৰে মানৱ জগতৰ প্ৰকৃতিৰো একেই উদ্দেশ্য । সেয়ে প্ৰকৃতিক উৎপাদনকাৰী কৰিবলৈ কামোন্মত্তা ভাবে কামোদ্ৰেক গীত নৃত্য ভাৱনা আদিৰে তেনে পৰিবেশৰ সৃষ্টি কৰিব লগা হয় ।                 তেনে পৰিবেশৰ সৃষ্টি কৰিবলৈ প্ৰয়োজন হৈ পৰে গাভৰুৰ ৰূপ , লাৱণ্য ও সৌন্দৰ্য । যাতে গাভৰুৰ সাজপাৰ অলঙ্কাৰ আৰু দেহাঙ্গই ডেকা পৰুষক কামোন্মতা কৰি তোলে । সেয়ে ডেকাই গাভৰুক ভালপোৱা