পিয়লি ফুকন
শ্বহিদ পিয়লি ফুকন অসম মাতৃক বৃটিছৰ কবলৰ পৰা মুক্ত কৰিবলৈ পোন প্ৰথম যি সকল পুৰুষে যত্ন কৰিছিল সেই সকলৰ ভিতৰত পিয়লি ফুকনো নাম লেখত লবলগিযা। তোওঁক বৃটিছ বগা বঙ্গালে ধৰি ফাঁচী দিলে। তেওঁ দেশৰ প্ৰাণ এৰি শ্বহীদ হ’ল। কিয়নো দেশৰ কাৰণে প্ৰাণ ত্যাগ কৰা জনক শ্বহীদ বুলি কোৱা হয়। পিয়লি চালোকা আছিল। তেওঁ লেঙেৰা আছিল যদিও ইং ১৮২৮ চন ( অনুমানিক ) পৰাই অসম স্বধীন কৰিবৰ বাবে আন্দোলন চলাইছিল। তেওঁ অসমৰ ভৈয়াম অঞ্চলৰ উপৰিও পাহাৰ আঞ্চলতো আন্দোলন সংগঠন কৰিছিল। খামতি , চিফৌ সকলৰ উপৰিও খাছীয়া পাহাৰতো আন্দোলনৰ সংগঠন কৰি গঢ়ি তুলিছিল।গেলেকী , জৱকা , জয়পুৰ , চৰাইদেউ , ধুপাবৰ , দোপদড় , তৰাতলী , মৰিয়নী আদিত ঘাটি পাতি প্ৰশিষণৰ আয়োজন কৰিছিল। পিয়লি ফুকনে হৰনাথ ফুকনৰ সতে খামতি ৰজালৈ দিযা দুখন বিপ্লৱিক চিঠি দুৰ্ভাগ্যক্ৰমে বৃটিছ বিষয়াই গম পাই আৰু নফা পলটিকেল অফিচাৰে খামতি ৰজাক বৰকৈ ধৰাত বিপ্লৱৰ চিঠি দুখন চিঠি দি দিলে। তেতিয়া শদিয়াতেই হৰনাথ পানীফুকনক বৃটিছ পুলিছে বন্দী কৰিলে। লগতে বৃটিছে গোটেই বিপ্লৱৰ আঁচনি ধৰা পেলালে আৰু পিয়লি ফুকনে পলম নকৰি চন ১৯৩০ মাৰ্চৰ ২৫ তাৰিখে বৃটিছৰ খাৰ ঘৰত জুই দি অস্ত্ৰ - শস