Posts

Showing posts from September, 2018

ৰংঘৰ

Image
         শিৱসাগৰ  চহৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ মান আঁতৰত এই গৃহটো অৱস্থিত। ইয়াৰ পৰাই এসময়ত ৰাজ-পৰিয়াল আৰু বিশিষ্ট ৰাজবিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ, শেন যুঁজকে প্ৰমুখ্য কৰি অন্যান্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল। ৰংঘৰ  এছিয়া ৰ প্ৰথমটো পেভিলিয়ন হিচাপে প্ৰখ্যাত। ৰংঘৰ আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত ১৭৪৬ চনত স্বৰ্গদেও  প্ৰমত্ত সিংহৰ  ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল।       ৰংঘৰৰ নিৰ্মাণ-শৈলীত ইচলামিক স্থাপত্যৰ প্ৰভাৱ পৰিছে। ইয়াৰ কেন্দ্ৰীয় গাঁথনি চতুৰ্ভূজ আকৃতিৰ। দুই মূৰ আগবঢ়াই  ট্ৰেপেজিয়ামৰ  আকৃতি দিয়া হৈছে। সামগ্ৰিক ভাৱে ৰংঘৰৰ গাঁঠনিয়ে এটা অষ্টভূজৰ ৰূপ লৈছে। ৰংঘৰৰ চাল অৰ্দ্ধ-বৃত্তাকৃতিৰ, এটা ওভতাই থোৱা দীঘলীয়া আকৃতিৰ বাতিৰ দৰে। কিছুমান বৃহদাকৃতিৰ স্তম্ভ আৰু ধেনুভেৰীয়া গাঁঠনিয়ে চালখনক ধৰি ৰাখিছে। চূড়াত নিৰ্মাণ কৰা মগৰমুখী নাওৰ আকৃতিয়ে ৰংঘৰৰ সৌন্দৰ্যক বিশেষ মাত্ৰা প্ৰদান কৰিছে। পোৰা ইটাৰে নিৰ্মাণ কৰা ৰংঘৰত কোনো ধাতুৰ ব্যৱহাৰ কৰা হোৱা নাই। ইটা জোৰা লগাবলৈ মাটিমাহ, হাঁহকণী, বৰা চাউল আদি সামগ্ৰীৰে কৰাল তৈয়াৰ কৰা হৈছিল।

আহোম স্বৰ্গদেউসকলৰ দিনৰ ৰাজহ ব্যৱস্থা ,সোণাৰাম বৰুৱা

ত্ৰয়োদশ শতিকাৰ আগভাগতে সৌমাৰপীঠলৈ আহি চাওলুং ছৗকাফাই যি ৰাজ্য স্হাপন কৰিছিল সেই ৰাজ্য ঊনবিংশ শতিকাৰ তৃতীয় দশকলৈ প্ৰায় ছশ শতিকা কাল বৰ্ত্তি থাকিল ৷ একেটা জাতিয়ে ইমান দীঘলীয়া সময় ধৰি  ৰাজ্যৰ শাসন অব্যাহত ৰখাটো ঐতিহাসিক ভাৱে নিশ্চয় এক গুৰুত্বপূৰ্ণ কথা ৷ ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ উঠে যে তাই-আহোমসকল কেৱল বিজেতা হিচাপেই যে পৰাক্ৰমী আছিল তেনে নহয় , প্ৰশাসক হিচাপেও তেওঁলোক আছিল বিচক্ষণ, চতুৰ আৰু সফল ৷ দমন আৰু বন্ধুত্ব - দুয়োপ্ৰকাৰে সৌমৰপীঠৰ থলুৱা জাতি-জনজাতিসকল নিজৰ ফলীয়া কৰি প্ৰজাৰ কল্যাণ সাধনৰ লগতে ৰাজনৈতিক বিচক্ষণতাৰে সদ্ভাৱ-সম্প্ৰীতি ৰক্ষাৰ জড়িয়তে এক সবল জাতি গঠন প্ৰক্ৰিয়াৰ দিশত তেওঁলোক আগবাঢ়িছিল ৷        প্ৰাক আহোম যুগত অসমত ধাৰাবাহিক ৰূপত লিখিত বুৰঞ্জী নথকাৰ বাবে সেই সময়ৰ পদ্য-সাহিত্য, শ্ৰুতি- স্মৃতি,  শিলাস্তম্ভ , তাম্ৰফলি,  মুদ্ৰা আদিৰ মাজৰ ইতিহাসৰ সমল বিচাৰিব লগাত পৰে ৷ আহোম সকলৰ বুৰঞ্জী লিখাৰ পৰম্পৰা পূৰ্বাাপৰ হোৱাৰ কাৰণে ছৗকাফাৰ আগমনৰ দিন ধৰি অসমত দেখা দিয়া ৰাজনৈতিক,  সামাজিক,  অৰ্থনৈতিক,  সাংস্কৃতিক সকলো ঘটনা অৰ্থাৎ উত্থান-পতনৰ সবিশেষ অধ্যয়নৰ বৰ বিশেষ জটিলতা