পিয়লি ফুকন


শ্বহিদ পিয়লি ফুকন
অসম মাতৃক বৃটিছৰ কবলৰ পৰা মুক্ত কৰিবলৈ পোন প্ৰথম যি সকল পুৰুষে যত্ন কৰিছিল সেই সকলৰ ভিতৰত পিয়লি ফুকনো নাম লেখত লবলগিযা। তোওঁক বৃটিছ বগা বঙ্গালে ধৰি ফাঁচী দিলে। তেওঁ দেশৰ প্ৰাণ এৰি শ্বহীদ হ’ল। কিয়নো দেশৰ কাৰণে প্ৰাণ ত্যাগ কৰা জনক শ্বহীদ বুলি কোৱা হয়।
পিয়লি চালোকা আছিল। তেওঁ লেঙেৰা আছিল যদিও ইং ১৮২৮ চন(অনুমানিক) পৰাই অসম স্বধীন কৰিবৰ বাবে আন্দোলন চলাইছিল। তেওঁ অসমৰ ভৈয়াম অঞ্চলৰ উপৰিও পাহাৰ আঞ্চলতো আন্দোলন সংগঠন কৰিছিল। খামতি, চিফৌ সকলৰ উপৰিও খাছীয়া পাহাৰতো আন্দোলনৰ সংগঠন কৰি গঢ়ি তুলিছিল।গেলেকী, জৱকা,জয়পুৰ,চৰাইদেউ,ধুপাবৰ,দোপদড়,তৰাতলী,মৰিয়নী আদিত ঘাটি পাতি প্ৰশিষণৰ আয়োজন কৰিছিল।
পিয়লি ফুকনে হৰনাথ ফুকনৰ সতে খামতি ৰজালৈ দিযা দুখন বিপ্লৱিক চিঠি দুৰ্ভাগ্যক্ৰমে বৃটিছ বিষয়াই গম পাই আৰু নফা পলটিকেল অফিচাৰে খামতি ৰজাক বৰকৈ ধৰাত বিপ্লৱৰ চিঠি দুখন চিঠি দি দিলে। তেতিয়া শদিয়াতেই হৰনাথ পানীফুকনক বৃটিছ পুলিছে বন্দী কৰিলে। লগতে বৃটিছে গোটেই বিপ্লৱৰ আঁচনি ধৰা পেলালে আৰু পিয়লি ফুকনে পলম নকৰি চন ১৯৩০ মাৰ্চৰ ২৫ তাৰিখে বৃটিছৰ খাৰ ঘৰত জুই দি অস্ত্ৰ-শস্ত্ৰ নষ্ট কৰি মাৰিব বুলি ঠিক কৰিলে।তেতিয়া চ’ত মাহৰ ৰাতি বিহুৰ সময়। অসমীয়া ডেকাহঁতে বিহুত বলিয়া নহৈ মাতৃভুমি উদ্ধাৰৰ বাবেহে সাজু হ’ল।
গেলেকীৰ শিবিৰত থকা ৫০০ মান সৈন্যই দলেবলে আহি জয় সাগৰৰ ওচৰত গোপনে ৰ’লহি । ৰাতিৰ এন্ধাৰ সুযোগ লৈ জীউৰাম দুলিয়া বৰুৱাই বৃটিছৰ খাৰ ঘৰত লগতে চাউনীতো জুই দিলে আৰু চিপাহীৰ লগত বিপ্লৱী সকলৰ যুদ্ধ আৰম্ভ হ’য়। যুদ্ধত টিকিব নোৱাৰি বিপ্লৱী সকল পলাই যাবলৈ বাধ্য হয। তেতিয়া বৃটিছে পিয়লি ফুকনৰ লগতে কিছুমান বিপ্লৱীক বন্দী বনালে।
বৃটিছে বিপ্লৱী সকলক ৰাজদ্ৰোহী বুলি আখ্যা দিলে। পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ফচীৰ হুকুম দিলে।বিচাৰৰ সময়ত পিয়লি ফকনে নিৰ্ভীক ভৱে উত্তৰ দিছিল-“মই স্বদেশ উদ্ধাৰ কৰিবলৈ আহা সঁচা, পাৰিতপক্ষে কোনোৱে পৰাধীন হৈ থাকিবলৈ ভাল নাপায়। মই মৰণলৈ ভয় কৰি বৃটিছৰ বিৰুদ্ধে অস্ত্ৰ ধৰা নাই বুলি নকওঁ আৰু কবও নোৱাৰু”।
পিয়লি ফুকনৰ বিচাৰৰ সময়ত মণিৰাম দোৱানো আছিল।বৃটিছ বিষয়াই বিদ্ৰোহীক ফাঁচী কেনেকৈ দিয়া হয় বুলি সোধাত মণিৰামে কৈছিল-“ৰাজ বিদ্ৰোহীক ডিঙিত ফটা মেখেলা আঁৰি ফাঁচী দিয়া হয়” বুলি কোৱাত পিয়লি ফুকনে মণিৰাম দেৱানক উদ্দেশি কৈছিল-“মণিৰাম তয়ো দুৱৰা কাকতীৰ বংশৰ, ময়ো সাতঘৰীয়া আহোমৰ দুৱৰা বংশৰ। মোক ফঁচী দি প্ৰাঁণে মৰাই না়টিলে, ভদ্ৰকুলত জন্ম লৈ সম্ভান্ত লোকৰ মৰণ কালত এনে জ্বলন্ত অপমান কৰাইহে তোৰ সন্তোষ লাগিল।এইবাবে জৰী ডিঙিত লৈ মই অন্তৰৰ পৰাই কৈছো যি দোষৰ বাবে মোৰ এনে দশা হৈছে তাত একো দুখ নাই। জন্মৰ লগত মৃত্যু আছেই। কিন্ত অন্তিমৰ কালত এনে জঘন্য অপমান দি মাৰালি বাবে তই বিনা দোষতে এইগছি ডোলতে পৰিবি”।সচাকৈ পাছত এদিন মণিৰামেও ফাঁচী কাঠত উঠিযেই মৰিবলগা হৈছিল।
ঈং ১৯৩০ চনৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক বৃটিছ চৰকাৰে শিৱসাগৰ পুখুৰী উত্তৰ পূৱ পাৰত ফাঁচীশাল পাতি ৰাজহুৱা ভৱে ফাঁচী দিছিল।
পিয়লি বৰুৱা আজি মৰিও অমৰ। মাতৃভূমিৰ বাৱে প্ৰাণ এৰা সকলৰ প্ৰকৃত শ্বহিদ।তেওঁ আমাৰ মাজত সদাই থাকিব আৰু আমি তেওঁক চিৰকাল সন্মন জনাই থাকিম। তাই আহোম পে-অং-লে


Comments

  1. সুন্দৰ৷ পিয়লি ফুকনৰ বহু কথা গম পালো

    ReplyDelete

Post a Comment

Popular posts from this blog