টাই আহোমৰ লোকনৃত্য
দ্বীপেন হাটীবৰুৱা
লোকনৃত্য হৈছে এটা জাতিৰ পৰিচয়।জাতিটো সাংস্কৃতিক পৰস্পৰা,ৰীতি-নীতিৰ পৰাই সৃ্‌ষ্টি হয় বিভিন্ন লেকনৃত্যৰ। প্ৰতিটো জাতিয়ে নিজ নিজ লোকনৃত্য দ্বাৰা জাতীয় পৰিচয় দিছে আৰু জাতিটো জিলিকাই ৰাখিছে।টাই আহোমসকলেও বিভিন্ন লোকনৃত্য জীয়াই ৰূখি সুকীয়া পৰিচয় দাঙি ধৰিছে।আহোমসকলৰ বিভিন্ন লোকনৃত্যসমূহৰ ভিতৰত-লাই লুঙ খাম নৃত্য,উম ফা নৃত্য,চুম ৰুঙ ছেঙ ম্যুঙ নৃত্য,টাই আহোম হুঁচৰি,পয় ছাঙ কেঞ নৃত্য,ৰাক চাঙ মাই নৃত্য,আই জং লাও নৃত্য ইত্যাদি।
কা ফি লাই লুং খাম
টাই আহোমসকলৰ প্ৰকৃতিবাদী। প্ৰকৃতিৰ উৎসমূহকেই জাৱ জড় জগতৰ সৃষ্টিৰ পৃতৃ উপৰিপুৰুষ স্বৰূপে প্ৰাধান্য দি, উপাসনা আৰাধনা কৰি আহিছে। সেইদৰে মাহাপ্ৰকৃতিৰ সৌৰহাসূৰ্যৰ সপ্তশপ্তি চিত লামচামেই গীত-মাত,বাদ্য সুৰ আদিৰ উৎসৰ পিতৃ। এই সাতশক্তি হৈছে বজ্ৰবিজুলিসনিয়ৰ হিমকনণা,পোহৰ, নদ-নদী জলাধাৰা,শিলাবৃষ্টি,ধুমুহা,বিল-জুৰি-হ্ৰদ-নিজৰা আদি। বৰ গছৰ তলত পূজা-পাতল নৈবেদ্য আগবঢ়াই পূজাৰ শেষত সৃষ্টিৰ একক শক্তি পুৰুষ প্ৰকৃতিৰ ৰূপত পুৰুষ মহিলাই ফি লাই লুঙ খাম নৃত্য কৰে। টাই আহোমসকলৰ বিশ্বাস পৰস্পৰাগত ইয়াৰ পিছৰপৰাই জনসমাজত লাস্য-নৃত্য আৰু নৃত্য গীতৰ প্ৰচলন হয়।
এই লোকনৃত্যটিত বাদ্য হিচাপে দেও বাদ্য মাদুলি আৰু ভাগা কোৰ লোৱা হয়।ওডাল বাঁহৰ আগ অলপ পাত থকা যাৱতীয় নৈবেদ্যৰে ধনু তৈয়াৰ কৰা হয়। এই ধনুডাল মাজত নচাজনে লয়। সাজপাৰ হিচাপে মলুং সকলে পৰিধান কৰা মুগা পাগুৰি,চাপকন চোলা, চুৰিয়া আৰু এখন খনিয়া কাপোৰ গাত মেৰিয়াই লয়। ছোৱালিবিলাকৰ মুগা ৰিহা মেখেলা পিন্ধাই চুলি মেলি লেৱা হয়।
নৃত্যটি পৰিবেশন কৰোতে প্ৰথমতে তিন-তিন-তিন… মাদূলি শব্দত ওপৰলৈ হাত যোৰ কৰি এখওজ এখোজকৈ শাৰীপাতি লৰা ছোৱালী পৃথককৈ মঞ্চত প্ৰবেশ কৰে। সোঁফালে লৰা আৰু বাওঁফালে ছোৱালী মাজত ধনু থাকে। নেপথ্যত শিল্পীকসলে চাও নূৰূ চাও কাও ঐ বুলি তিনিবাৰ গাই আৰু তিনিবাৰ উছা-বহা কৰি প্ৰণাম কৰে। ন্পথ্য উকিৰ ধ্বনিৰ লগে লগে নেপথ্যত গীত গাই “এহেম হুই য়া” নাম আৰু পদ দিয়ে শিল্পী দলটিও সোঁখালে বাওঁফালে “ তুন তাক ধা দুন” মাদুলী চাপত মুদ্ৰাদি নাচে। দ্বিতীয়টো নাম “ধি তিং চাও ঐ চাও ঐ মবাই ক্লং” নাম আৰু পদৰ লগে লগে ইফালৰ পৰা সিফাললৈ ঘুৰি ঘুৰি নাচে।ইয়াৰ পাছত তৃতীয়টো নাম পদ “লা আও হঞ আ, লা আও ঙুঞ আ চেউ পি নঙ কাই তি মৌ আও কুঙ দাই ছেঙ কেঞলে পাই”  বুলি গাই আৰু মাদুলি চাপত “ধা দুন দুন তাক তাক” তালত নৃত্য শিল্পীসকলে ঘূৰি ঘূৰি হাতেৰে ধনু মৰাৰ ভংগীত নৃত্য কৰে। এইদৰে নাম পদ আৰু নৃত্যশিল্পীসকলে প্ৰায ১৫ মিনিট পৰিবেশন কৰি শেষ কৰে
লাই লুং খাম নৃত্যত গোৱা কেইটামান নৃত্য পদ-
(১) চাও নূৰূ চাও কাও ঐ(৩ বাৰ) উকি
(২) নাম-এহেম হুইয়া এহেম হুইয়া।
     পদ-(পদ) খুন থাও লাই লুঙ ঙাও খাম ঐ
(খ) খুন থাও লুঙ চামান চামান লুঙ ঐ
(গ) লুঙ ফু ফু ঞেউ ঐ
(ঘ)তুন দেউ দি মউ লাক ৰু ঐ
(ঙ) তুন মাই ঞেউ হি থ ৰেন ঐ
(চ)খা মাই ঞেউ হি নন ঐ
(ছ)চাও নূৰূ চাও কাও ঐ
(৩) নাম-ধিতিং চাও ঐ চাও ঐ মবাই ক্লং
পদ-(ক) মহুঙ লুক মানপুহাই পফী চু ঐ
     (খ) খেক ফী ৰং হাই লে লাও চুপ লাও খাম ঐ
     (গ)চুম ফা ৰুং ছেং ম্যুঙ ঐ
(ঘ)ৰিক ছিং বয় তাং নাঙ ফুপ খাও ঐ
(ঙ) চাও নূৰূ চাও কাও ঐ
(৪) নাম-লা আও হুঞ আঃ লা আও হুঞা আঃ চেউ পিনঙ কাই মৌ আও কুং দাই কেঞলে পাই।।
     পদ-  (ক) আও কুঙ কুঙ আও কাও কাও ঐ
           (খ)মা তো হে কাঙ খাঙ ঐ
           (গ) কুন কাও টে টিন দাই ঐ
           (ঘ) কুন কাও টে ট্ন ক্লঙ ঐ
           (ঙ)লিম কুঙ আও দাই হ’প ক্লিঙ বিন ঐ
           (চ)লেম ফাই লিম্ কাই ৰুট পাও খাও ঐ
           (ছ) প’ ফী খ্ৰু, মে ফী ঞেউ ঐ
           (জ) চট খন দেট্ ফাই খ্ৰিং ৰাঙ ঐ
           (ঝ) নাঙ চি চাও চন বিন ৰাঙ ঐ
           (ঞ) ৰাঙ বিচু ৰং হাই লে ঐ
     (ট) কাও খা তু খা নন নাঙ হু কিন নাঙ মু ঐ
     (ঠ)ছিলাই ছিপ কু ঞিউ ৰং বয় বয় ঐ
     (ড) চাও নূ ৰূ চাও কাও ঐ
ৰাক্ চাঙ্ মাই নৃত্যৰ চমু আভাস
ৰাক্ মানে-মৰম/ চাঙ মাই মানে-ৰান্ধনী
আৰ্থাৎ ৰান্ধনীক মৰমতে ঠাট্টা কৰি কৰা নৃত্য।
তাই-আহোম সকলৰ অতি খুহুতিয়া আৰু ধেমেলিয়া প্ৰকৃতিৰ লোক। তেওঁলোকে ৰান্ধনী লৈ কৰা ৰাক্ চাঙ মাই এটা অতি খুহুতিয়া তথা ঠাট্টা-মস্কৰা কৰি গোৱা গীত-নৃত্য।
ৰাইজৰ বাবে ভোজনৰ আযোজন কৰোঁতে ৰান্ধনীয়ে জুই-ধোঁৱাৰ মাজত সোমাই সকলোবোৰ ভোজন তৈয়াৰ কৰিব লগা হয়। যদি ৰান্ধনীয়ে অন্যমনস্ক হয়, তেন্তে ৰাইজে খোৱাৰ তৃপ্তি নাপাব, সেইহেতুকে ওই নৃত্য দ্বাৰাই ৰন্ধনীক মৰমতে ঠাট্টা কৰি জোকাই আৰু সতৰ্ক কৰি দিয়া হয়।
গাহৰি মাংসৰ ডোখৰ ডোখৰ,
কোমোৰা ডোখৰ ডোখৰ,
নিমখৰ জুতি নাই,
মাছ লগত হোৱা হলে ভালেই আছিল।
মখৰ ভিতৰখন দে দেৱাইছে,
গটো শো শোৱাইছে।
ইমান অৱহেলিত কোন ৰান্ধনী ঐ…………….
এই বুলি মৰমতে ঠাট্টা কৰি গীত গায় নৃত্য কৰ্ জোকাই।

কাৰ্ চাঙ্ মাই বা ৰান্ধনীক মৰমতে ঠাট্টা কৰি গোৱা গীচ-নৃত্য
নাম চাঙ্ চাঙ্ ঐ চ্যিত চাঙ্ চাঙ্ ।(৪ বাৰ)
নূ মব লঙ্ বাই ফাও হুঙে মা।(২বাৰ)
কিন্ কিন্ কাই, কিন্ কিন্ কাই, অঃ কাঙ্ পাক্ চুঙ।(২বাৰ)
নাম চাঙ্ চাঙ্ ঐ চ্যিত চাঙ্ চাঙ্।(২বাৰ)
নূ মব লঙ্ বাই ফাও হুঙ্ মা।(২বাৰ)
কিন্ কিন্ কাই, কিন্ কিন্ কাই, অঃ কাঙ্ পাক্ চুঙ।(২বাৰ)
চাম্ পী ক্যু মু বান্, ম পাক্ মুন্ তেপ্ খান।(৬বাৰ)
নূ টঙ্ চিক্, নূ টঙ চিক্, প্লা অক্ চ্যু পে।(২বাৰ)
নাম চাঙ্ চাঙ্ ঐ চ্যিত চাঙ্ চাঙ্ ।(২ বাৰ)
নূ মূ লঙ্ বাই ফাও হুঙ্ মা।(২বাৰ)
কিন্ কিন্ কাই, কিন্ কিন্ কাই, অঃ কাঙ্ পাক্ চুঙ।(২বাৰ)
চাম্ পী ক্যু মু বান্, ম পাক্ মুন্ তেপ্ খান।(৬বাৰ)
নূ টঙ্ চিক্, নূ টঙ চিক্, প্লা অক্ চ্যু পে।(২বাৰ)
কিন্ কিন্ কাই, কিন্ কিন্ কাই, অঃ কাঙ্ পাক্ চুঙ।(২বাৰ)
নাম চাঙ্ চাঙ্ ঐ চ্যিত চাঙ্ চাঙ্ ।(২ বাৰ)
নূ মূ লঙ্ বাই ফাও হুঙ্ মা।(২বাৰ)
কিন্ কিন্ কাই, কিন্ কিন্ কাই, অঃ কাঙ্ পাক্ চুঙ।(২বাৰ)
নাই, নাই ঐ নাই ক চাম/ নাই নাই ঐ মে ফীত হম/ চাম টঙ নাই ক চাম
নাই, নাই ঐ কিন কিন কাই/ নাই, নাই ঐ নাম চাঙ পাই………..।।
লখিমী আগৰা নৃত্য
     মঙ্গোলীয় জনগোষ্ঠীৰ টাই আহোমসকল প্ৰধানকৈ কৃষি জীৱি। ধান খেতিয়েই আহোম সকলৰ মূল খেতি। বহু কষ্ঠৰে মাটি চহাই দুডৰা কঠিয়া ৰুৱে। আহিনৰ হিমে ভৰাই তুলে পথাৰৰ ধান গছা। সেয়ে টাই আহোমলোকসকলে আহিন মাহতে কং,মং,ছেং,পি আদি বাদ্যৰে নৃত্য কৰি সৰগৰ পৰা লখিমীক দোলাত তুলি আদৰি আনে।
     এই নৃত্যত মলুং,নগা-নাগিলী প্ৰয়োজন হয়ষ সজুলি সমূহ হৈছে দোলা দুখন,জাকৈ দুখন আৰু মহিলা সকলৰ বাবে দোন,কলচী আদি প্ৰযোজন হয়। এই নৃত্যটো সকলোৱো নাচিবাগি গীত গায় লখিমীক আদৰিবলৈ যায়।–
নামঃ  ঐ মোৰণ লাওৰে ৰে
     কাছঙ  বান ৰেণ জুৰেৰে।।
পদঃ   আই জং লাও ঙি জং খাম ঐ
     খন খাও ঝাই খন খাও না ঐ
চৰো ৰাই চৰো না টাদু ৰাই টদু না ঐ
আই বৰ ফুৰা ফু খ্ৰু ঐ
ঙি বৰ ফুৰা ফু ঞেউ ঐ
হুচুঙ খুৰা বদৌ খুৰা ঐ
ফুৰা লুক মান মটক মৰান ঐ
পু খাও খাম চয় কুম জা খাও খাম চয় খেন ঐ
পু দাঙৰি জা দাঙৰি পূ টাই কুম জা টাই ঐ
আও চু জন খন খাও ৰাই খন না টুক দাই ঐ
থোক লু টে থাই ঙেন টে থাই কাম হেউ দাই খান ঐ
চ্যাও ম খেক চাপ নাম লা লা টা চুঙ ৰাম বাই ঐ
দাই কপ মা কুপ টি বাই খাও টাই ম্যুঙ বান পাই ঐ
জি খাও ছঙ ছাম লাঙ কানেও কাতেও কিন জন
মান খাও বৌ চুক দাই মান হেউ
হিত দি হিত খেন চয় কুম চয় খেন।
চাও নূ ৰূ চাও কাও ঐ…..


Comments

Popular posts from this blog

পিয়লি ফুকন