ৰংঘৰ

        শিৱসাগৰ চহৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ মান আঁতৰত এই গৃহটো অৱস্থিত। ইয়াৰ পৰাই এসময়ত ৰাজ-পৰিয়াল আৰু বিশিষ্ট ৰাজবিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ, শেন যুঁজকে প্ৰমুখ্য কৰি অন্যান্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল। ৰংঘৰ এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে প্ৰখ্যাত।ৰংঘৰ আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত ১৭৪৬ চনত স্বৰ্গদেও প্ৰমত্ত সিংহৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল।
      ৰংঘৰৰ নিৰ্মাণ-শৈলীত ইচলামিক স্থাপত্যৰ প্ৰভাৱ পৰিছে। ইয়াৰ কেন্দ্ৰীয় গাঁথনি চতুৰ্ভূজ আকৃতিৰ। দুই মূৰ আগবঢ়াই ট্ৰেপেজিয়ামৰ আকৃতি দিয়া হৈছে। সামগ্ৰিক ভাৱে ৰংঘৰৰ গাঁঠনিয়ে এটা অষ্টভূজৰ ৰূপ লৈছে। ৰংঘৰৰ চাল অৰ্দ্ধ-বৃত্তাকৃতিৰ, এটা ওভতাই থোৱা দীঘলীয়া আকৃতিৰ বাতিৰ দৰে। কিছুমান বৃহদাকৃতিৰ স্তম্ভ আৰু ধেনুভেৰীয়া গাঁঠনিয়ে চালখনক ধৰি ৰাখিছে। চূড়াত নিৰ্মাণ কৰা মগৰমুখী নাওৰ আকৃতিয়ে ৰংঘৰৰ সৌন্দৰ্যক বিশেষ মাত্ৰা প্ৰদান কৰিছে। পোৰা ইটাৰে নিৰ্মাণ কৰা ৰংঘৰত কোনো ধাতুৰ ব্যৱহাৰ কৰা হোৱা নাই। ইটা জোৰা লগাবলৈ মাটিমাহ, হাঁহকণী, বৰা চাউল আদি সামগ্ৰীৰে কৰাল তৈয়াৰ কৰা হৈছিল।

Comments

Popular posts from this blog

পিয়লি ফুকন