অতীতৰ
ছশটা বছৰ
ইতিহাসে আজিও সোঁৱৰে সাত ৰাজ মাৰি এক ৰাজ
কৰা আহোমৰ ছশটা বছৰ।১২২৮ চনত পাটকাই পৰ্বত পাৰ হৈ উত্তৰ ব্ৰক্ষ্মৰ পৰা চুকাফা নেতৃত্বত
আহোমসকলে অসমলৈ আহিছিল আঘোণৰ কোনোবা এটি সোনালী দিনত। পাটকাই পাৰ হৈ অহা এই আহোমসকলে
নিজকে টাই-খাম বা খাম-টাই বুলি পৰিচয় দিছিল। বুদ্ধি-বৃত্তি আৰু দুবাহুৰ-শকতিৰে আহোমে
পোন প্ৰথমে ৰাজধানী পাতিছিল চৰাইদেউত আৰু লাহে লাহে নিজৰ সাম্ৰাজ্য বৃদ্ধি কৰিএদিন
বৰ অসম প্ৰতিষ্ঠা কৰে।
আহোমসকলৰ সেই ছশটা বছৰক যি দৃষ্টি কোণৰ
পৰাই বিচাৰ কৰা হয় সকলোৱে মাথো উজ্জলতাকেই বিচাৰি পাই। ছশবছৰ ৰাজত্ব কৰা আহোমসকলৰ শাসন-প্ৰণালীলৈ
লক্ষ্য কৰিলে দেখা যায় যে এক সুশৃংখলিত পৰম্পৰাগত প্ৰণালীবদ্ধ শাসন ব্যৱস্থাৰ মাজেৰে
তেওঁলোকে ৰাজ্য পৰিচলনাত মনোনিবেশ কৰিছিল। আহোমসকলৰ স্বৰ্গদেও এ আছিল সৰ্বপ্ৰধান। স্বৰ্গদেওৰ
পুত্ৰই কেৱল স্বৰ্গদেও হৈছিল এনে নহয়। স্বৰ্গদেও পুত্ৰ যদি অযোগ্য তেতিয়া দিহিঙ্গীয়া,পৰ্ব্বতীয়া,তিপামীয়া,তুংখুঙ্গীয়া
এই চাৰিটা ফৈদৰ পৰা স্বৰ্গদেও পাতিবৰ বাবে কোঁৱৰ নিৰ্বাচন কৰিছিল।স্বৰ্গদেও সকলে শিঙৰি
ঘৰত উঠা এক পৰম্পৰা আছিল,যি পৰম্পৰা পাছতহে নিজৰ নামত মোহৰ আদি মাৰিব পাৰিছিল।
স্বৰ্গদেওক সকলো বিষয়তে পৰামৰ্শ প্ৰদান
কৰিবলৈ তিনিজনা ডাঙৰীয়া আছিল-বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰগোহাঁই। দৈনন্দিন কাম-কাজত
স্বৰ্গদেওক পৰামৰ্শ প্ৰদান কৰা উপৰিও প্ৰজাৰ তত্বাৱধায়কো আছিল। এই তিনিজন ডাঙৰীয়াৰ
উপৰিও পৰৱৰ্তী সময়ত মৰঙীখোৱা গোহাঁই, শদিয়াখওৱা গোহাঁই আৰু সলাল গোহাঁই নামৰ তিনিটা
পদৱী সৃষ্টি কৰিছিল ।এই সকলৰ মৰ্য্যদা আগৰ তিনিজনা ডাঙৰীয়াৰ সৈতে একে। আহোমৰ দিনত থকা
অন্য কিছুমান বিষয়া আছিল এনে ধৰণৰ বৰবৰুৱা,বৰফুকন,ফুকন, ৰাজখোৱা,বৰুৱা আদি।
Comments
Post a Comment